অসমত জাতীয় জাগৰণ | অসমৰ উল্লেখযোগ্য সামাজিক আৰু সাংস্কৃতিক সংস্থা | Assam Association, Jorhat Sarbajanik Sabha, Assam Satra Sanmilani, Ahom Sabha, etc.

১৯ শতিকাৰ শেষাৰ্দ্ধত ভাৰতৰ আন আন ঠাইৰ দৰে অসমতো সৰ্বসাধাৰণে ঔপনিৱেশিক শাসন-শোষণৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছিল। এই সময়ছোৱাতে জনসাধাৰণৰ সমস্যাবোৰৰ চৰ্চা আৰু সমাধান কৰিবলৈ কেইবাটাও সামাজিক সাংস্কৃতিক সংস্থাৰ জন্ম হৈছিল। এই উল্লেখ যোগ্য সংস্থাবোৰ হ’ল- আছাম এছ’চিয়েছন, অ:ভা:উ:সা: সভা, অসম ছাত্ৰ সন্মিলন, অসম প্ৰদেশ কংগ্ৰেছ কমিটি, যোৰহাট সাৰ্বজনিক সভা ইত্যাদি (Assam Association, Assam Satra Sanmilani, Assam Pradeshik Congress Committee, Ahom Sabha, Jorhat Sarbajanik Sabha etc.)
অসমীয়া ভাষা উন্নতি সাধিনী সভা (অ:ভা:উ:সা: সভা)
- অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল ১৮৮৮ চনত ।
- সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী আছিল – জোনাকী।
- জোনাকীৰ প্ৰথম সম্পাদক আছিল – চন্দ্ৰ কুমাৰ আগৰৱালা।
- অ:ভা:উ:সা: সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ অত্যুতকৃষ্ট কৃতি ‘হেমকোষ’ প্ৰকাশৰ কাম হাতত লৈছিল।
Know About Assam Sahity Sabha – Click Here
আছাম এছ’চিয়েছন (Assam Association)
- মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত ১৯০৩ চনত আছাম এছ’চিয়েছনৰ (Assam Association) জন্ম হৈছিল।
- প্ৰথম অধিৱেশন – ১৯০৫ চনত ডিব্ৰুগড়ত
- সভাপতি – গৌৰীপুৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা
- উপ-সভাপতি – জগন্নাথ বৰুৱা
- সম্পাদক – মাণিক চন্দ্ৰ বৰুৱা
যোৰহাট সাৰ্বজনিক সভা (Jorhat Sarbajanik Sabha)
- জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনিক সভা গঠিত হৈছিল ১৮৮৪ চনত।
- প্ৰতিষ্ঠাপক সম্পাদক – জগন্নাথ বৰুৱা ।
- প্ৰতিষ্ঠাপক সভাপতি – ৰজা নৰনাৰায়ণ সিংহ।
আহোম সভা (Ahom Sabha)
- পদ্মনাথ গোহাঁইবৰুৱাৰ নেতৃত্বত ১৮৯৩ চনত আহোম সভাৰ প্ৰতিষ্ঠা হৈছিল।
- প্ৰথম অধিৱেশন ১৮৯৩ চনত শিৱসাগৰ জিলাত অনুষ্ঠিত হৈছিল।
- প্ৰথম সম্পাদক- পদ্মনাথ গোহাঁইবৰুৱা।
- ১৯১০ চনত – সদৌ অসম আহোম এচ’ছিয়েছন হয়।
অসম প্ৰদেশ কংগ্ৰেছ কমিটি (Assam Pradeshik Congress Committee)
- ১৯২১ চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠিত হৈছিল।
- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি – কুলধৰ চলিহা
- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সম্পাদক – নবীন চন্দ্ৰ বৰদলৈ
- অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হোৱা প্ৰথমজন সভাপতি আছিল – বিষ্ণুৰাম মেধি (১৯৩০–১৯৩৯)
- অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত জাতীয় কংগ্ৰেছৰ ৪১ তম বাৰ্ষিক অধিৱেশন আয়োজন কৰিছিল।
অসম ছাত্ৰ সন্মিলন (Assam Satra Sanmilan)
- ১৯১৬ চনত অসম ছাত্ৰ সন্মিলন গঠন হৈছিল।
- প্ৰথম সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা।
- প্ৰথম অধিৱেশন অনুস্থিত হৈছিল গুৱাহাটীত।
- সন্মিলনৰ মুখপত্ৰৰ নাম আছিল – মিলন।
- মুখ্য উদ্দেশ্য – অসমীয়া ভাষাৰ উন্নতি সাধন কৰা।
- অসম ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য-সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল।
Download PDF – Click Here